
Jibonor Kotha
PRO & Creator Features
Unlock Studio tools with Pro or Creator: remix and covers, photo covers, unlimited variations, edit sections and stem separation. Creator adds voice clone and lossless FLAC.
Audio2Audio Remix
Pro & Creator
Voice Clone
Creator
Create Variations
Creator only
Edit Sections
Creator only
Stem Separation
Creator only
Lyrics
▶ Play this song to follow along.
আজি এই জোনাকী জোনাকী মেলা
নিৰৱ-নিতাল সন্ধিয়াৰ বেলা
আহাচোন তুমি মোৰ কাষতে বহা
কোলাতে মুৰ থৈ দিয়া ভালপোৱা---।
পাখি মেলি উৰিব খোজে আজি মন
কিযে মধুৰ মধুৰ এই ক্ষণ-----।
ৰামধেনুৰ সাতো ৰং তোমাৰ হাঁহিত
হিয়াত তোমাৰ মৰমৰ সুবাস
পতিদিন-প্ৰতিপল তুমি মোৰ কাষত
ৰ'লে হয় জীৱন মধুৰ অনুপম----।
মই নোকোৱা কথাবোৰ বুজানে তুমি
অৰুনিমা হৈ মোৰ হৃদয়লে আহিবা তুমি
দুখৰ ধুমুহাই চুই গ'লেও
সাৱতি থাকিবানে তুমি---।
আজি এই জোনাকী জোনাকী মেলা---।
অলকানন্দা হৈ বৈ আহা তুমি
হিয়াৰ দলিচাত সপোন হোৱা
তোমাৰ পৰষত শিহৰিত মন
তুমিয়েই মোৰ প্ৰেমৰ স্পন্দন-----।
হৃদয়ত আঁকিছো তোমাৰ ছবি
মোৰ বুকুৰ মিঠা অনুভৱ
তুমি মোৰ জীৱনৰ প্ৰতিটো উশাহ
তোমাতে বিচাৰো মই মৰমৰ হেপাহ-----।
আজিৰ এই জোনাকী জোনাকী মেলা-----।