
ৰজাদৌল
PRO & Creator Features
Unlock advanced AI features with Pro (Audio2Audio, Photo Covers, LoRA) or Creator (Voice Clone, Variations, Edit Sections, Stem Separation).
Audio2Audio Remix
Pro & Creator
Voice Clone
Creator
Create Variations
Creator only
Edit Sections
Creator only
Stem Separation
Creator only
Lyrics
▶ Play this song to follow along.
"জয় জয় ৰজাদৌল"
জই জই সাহপুৰ, ইতিহাসৰ গাঁও,
বীৰত্বৰ কাহিনীয়ে জিলিকায় নাম
বড়িবাৰী সত্ৰত বাজে ৰজাদৌলৰ গান ।।
বড়িবাৰী সত্ৰত বাজে ৰজাদৌলৰ গান ।।
পৰাক্ৰমী গদাপাণি, অসমৰ বীৰ সন্তান,
বিপদৰ দিনত বিচাৰিলে আশ্ৰয়ৰ স্থান।
সাহপুৰৰ পূৰ্বপুৰুষে নকৰিলে ভয়,
ৰজাঘৰীয়া পহৰা নেওচি দিলে আশ্রয়।।
সেই সাহসৰ কাহিনীয়ে গাঁৱৰ নাম হ'ল সাহপুৰ
সাহপুৰ নামটি যুগে যুগে ৰয়।
বড়িবাৰী সত্ৰত বাজে ৰজাদৌলৰ গান
ভক্তিৰ ঢৌৱে হৃদয় জুৰাই ।
বড়িবাৰী সত্ৰৰ পৱিত্ৰ ধাম ।।
জই জই সাহপুৰ, ইতিহাসৰ গাঁও,
বীৰত্বৰ কাহিনীয়ে জিলিকায় নাম।।
আহোম যুগৰ স্বৰ্গদেউ শিৱ সিংহ,
বীৰত্বৰ কাহিনীত জড়িত যাৰ নাম।
ঢোলৰ কোব পৰ্যন্ত বিস্তৃত ভূমি,
দান দিলে পূৰ্বপুৰুষক ভক্তি ভাবে।।
মেধা শক্তিৰ বলত মেধি উপাধি প্ৰদান
তাম্ৰফলিৰ বাণী, ইতিহাসৰ চিন,
মেধা শক্তিৰ বলত মেধি উপাধি প্ৰদান
তাম্ৰফলিৰ বাণী, ইতিহাসৰ চিন।।
ইতিহাসে সোঁৱৰায় গৌৰৱৰ দিন।।
ফাকুৱাৰ ৰঙে, ভক্তিৰ সুৰে,
ৰজাদৌল মহোৎসৱ আনন্দেৰে পূৰে।
জই জই সাহপুৰ, ইতিহাসৰ গাঁও,
বীৰত্বৰ কাহিনীয়ে জিলিকায় নাম।।
ৰাজপ্ৰদত্ত ভূমিৰ গৌৰৱৰ দিন।
খাজনাৰ বোজাৰ পৰা মুক্তিৰে বাস,
ৰজাদৌল পালনে ৰাখিলে বিশ্বাস।
বহাগৰ পূৰ্ণিমাৰ সেই পৱিত্ৰ ক্ষণ,
ৰজাদৌল উৎসৱে ভৰাইছিল মন।
পুৰণি সেই স্মৃতিয়ে ৰজাদৌলৰ ঢাপ
আজিও বিৰাজমান।
কালৰ সোঁতত সলনি হ'ল দিন
ফাকুৱা-হোলীত আজি ভক্তিৰ ৰঙীন।।
বহাগৰ পূৰ্ণিমাৰ সলনি
ফাগুন-চ’তৰ ফাকুৱাৰ ৰঙত,
তিনি-চাৰি-পাঁচ দিন উৎসৱৰ উলাহত।
মেধি চুবুৰীৰ বড়িবাৰী সত্ৰত,
ভক্তিৰ জোৱাৰ উঠে প্ৰতিটো মনত।।
ঢোল-পেঁপা বাজে, নাম-কীৰ্তন হয়,
ৰজাদৌল যাত্ৰাত সাহপুৰ মতলীয়া হয়।
ৰজাদৌল যাত্ৰাত সাহপুৰ মতলীয়া হয়।
জই জই সাহপুৰ, ইতিহাসৰ গাঁও,
বীৰত্বৰ কাহিনীয়ে জিলিকায় নাম।।
শেষত দিনা গোসাঁইক লৈ ওলাই শোভাযাত্ৰা,
ঘৰে ঘৰে বয় ভক্তিৰ ধাৰা।
ৰংঘৰৰ ফাকুৱাত ৰঙীন হয় পথ,
প্ৰেম আৰু মিলনৰ উথলি উঠে সোঁত।
আবিৰৰ ৰঙেৰে ৰঙীন ধৰাধাম,
গোসাঁইৰ আশীৰ্বাদে পৱিত্ৰ হয় নাম।
গাঁৱৰ ৰাইজে মিলি গায় জয়গান,
পুৰণি পৰম্পৰাত জীপাল প্ৰাণ।।
জই জই সাহপুৰ, ইতিহাসৰ গাঁও,
বীৰত্বৰ কাহিনীয়